উৰিষ্যাৰ এখন গাঁৱত অচিনাক্ত ৰোগত আক্ৰান্ত হৈ ২ সপ্তাহত মৃত্যু‌ ৬ জন শিশুৰ

উৰিষ্যাৰ এখন গাঁৱত অচিনাক্ত ৰোগত আক্ৰান্ত হৈ ২ সপ্তাহত মৃত্যু‌ ৬ জন শিশুৰ

উৰিষ্যাৰ এখন গাঁৱত অচিনাক্ত ৰোগত আক্ৰান্ত হৈ ২ সপ্তাহত মৃত্যু‌ ৬ জন শিশুৰ । উৰিষ্যাৰ মলকানগিৰি জিলাৰ অন্তৰ্গত এখন গাঁৱত যোৱা ১৪ দিনত প্ৰায় ৬ জন লৰা ছোৱালীৰ ‌মৃত্যু হয় লগতে আন ৭ জন‌ লৰা ছোৱালী এতিয়াও চিকিৎসাধীন হৈ আছে ।

মুখ্য জিলা চিকিৎসা অধিকাৰী অজয় কুমাৰ বৈঠে জনোৱা অনুসৰি এতিয়ালৈকে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । লগতে কয় যে বিগত দুই সপ্তাহ ধৰি কালিমেলা ক্ষেত্ৰৰ অন্তৰ্গত তমনপালী গাঁৱত ছয় মহীয়া শিশুৰ পৰা আৰম্ভ কৰি ৪ বছৰীয়া শিশুৰ মৃত্যু হৈ আছে ।

অজয় কুমাৰ‌ বৈঠে কয় যে এতিয়াও ৭ জন‌ শিশু কালিমেলা স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ তেজ পৰীক্ষাৰ বাবে ইতিমধ্যে ভূৱনেশ্বৰলৈ তেজ পঠিওৱা হৈছে । মুখ্য জিলা চিকিৎসা অধিকাৰীজনে কয় যে সকলো শিশুৱে জ্বৰ , কাহ , চৰ্দি , মুৰ ঘুৰণীত আক্ৰান্ত হৈছে ।

অজয় কুমাৰ বৈঠৰ মতে চিকিৎসকৰ এটি দল গাওঁ খনলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে পঠোৱা হৈছে আৰু ইতিমধ্যে তাত স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে‌। লগতে তেওঁ কয় যে লৰা ছোৱালী সকলৰ মৃত্যু গাওঁ বাসীৰ অৱহেলাৰ বাবে হৈছে । কিয়নো ৰোগত আক্ৰান্ত হোৱাৰ পিছত লৰা ছোৱালী সকলক আন কোনো ঠগবাজৰ ওচৰলৈ লৈ যোৱাতকৈ চিকিৎসকৰ ওচৰলৈ আনিলে সুফল পালে হেতেন ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Broad daylight Robbery in Digboi, Rs 1 5 lakh looted

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com