Begin typing your search above and press return to search.

গোলাঘাটৰ মৰঙীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ছটা জীৱন্ত মৰ্টাৰ উদ্ধাৰ

স্থানীয় এজন লোকে বনৰীয়া কঁচুৰ সন্ধানত গাঁত খান্দি থকাৰ সময়তে এই মৰ্টাৰকেইটা উদ্ধাৰ হয়

গোলাঘাটৰ মৰঙীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ছটা জীৱন্ত মৰ্টাৰ উদ্ধাৰ

RaktimBy : Raktim

  |  22 May 2020 12:33 PM GMT

গোলাঘাটৰ মৰঙীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ছটা জীৱন্ত মৰ্টাৰ উদ্ধাৰ

চৌদিশ ক'ৰ'না মহামাৰীৰ আতংকত ডুবি থকাৰ সময়তে গোলাঘাট জিলাৰ মৰঙীত ছটাকৈ জীৱন্ত মৰ্টাৰ উদ্ধাৰ হৈছে। কালি অঞ্চলটোৰ তিনি নম্বৰ কৈৱৰ্ত গাঁৱত উদ্ধাৰ কৰা এই মৰ্টাৰ কেইটাৰ প্ৰতিটোৰে ওজন ১৫ কিলোগ্ৰাম। স্থানীয় প্ৰশাসনে মৰ্টাৰকেইটা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বুলি সন্দেহ কৰিছে। আনহাতে, এই মৰ্টাৰকেইটা উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে, স্থানীয় এজন লোকে বনৰীয়া কঁচুৰ সন্ধানত গাঁত খান্দি থকাৰ সময়তে এই মৰ্টাৰকেইটা উদ্ধাৰ হয়। এই সম্পৰ্কত তেওঁ দ্য ছেণ্টিনেলক কয়, "বনৰীয়া কঁচু বিচাৰি মাটি খান্দি থকাৰ সময়ত মই এই মৰ্টাৰ কেইটা উদ্ধাৰ কৰোঁ।পাছত এই বিষয়ে মই আৰক্ষীক খবৰ দিওঁ।" ইতিমধ্যে আৰক্ষীয়ে মৰ্টাৰ কেইটা উদ্ধাৰ কৰি লৈ গৈছে। আনহাতে, এই সম্পৰ্কত স্থানীয় এজন ব্যক্তিয়ে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অঞ্চলটোত কেইবাটাও সামৰিক ঘাটি আছিল।

Next Story
চাকৰি