Begin typing your search above and press return to search.

সুশান্ত আত্মহত্যা কৰা মানসিকতাৰ ব্যক্তি নাছিলঃ অভিনেত্ৰী অংকিতা

সুশান্তৰ সৈতে অংকিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল। সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ তদন্তকাৰী আৰক্ষীয়ে অংকিতাক বহু সময় ধৰি জেৰা কৰে।

সুশান্ত আত্মহত্যা কৰা মানসিকতাৰ ব্যক্তি নাছিলঃ অভিনেত্ৰী অংকিতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2020 8:57 AM GMT

সুশান্ত ৰাজপুত আত্মহত্যা কৰা মানসিকতাৰ ব্যক্তি নাছিলঃ অভিনেত্ৰী অংকিতা

"সুশান্ত আত্মহত্যা কৰিব পৰা মানসিকতাৰ ব্যক্তি নাছিল। তেওঁ অৱসাদগ্ৰস্ত হোৱাৰ মানসিকতাৰ ব্যক্তি নাছিল। আমি একেলগে সংগ্ৰাম কৰিছিলো"-এই মন্তব্য অভিনেতা সুশান্ত সিং ৰাজপুতৰ একালৰ প্ৰেমিকা তথা অভিনেত্ৰী অংকিতা লখাণ্ডেৰ। সুদৰ্শন অভিনেতা সুশান্তৰ সৈতে অংকিতাৰ ছবছৰৰ প্ৰেমৰ সম্পৰ্ক আছিল। সুশান্তৰ আত্মহত্যাক লৈ তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হোৱা সত্বেও অংকিতাই নীৰৱতা অৱলম্বন কৰিছিল। সম্প্ৰতি সুশান্ত সম্পৰ্কে মন্তব্য কৰিছে। সুশান্তৰ আত্মহত্যাৰ ঘটনা সহজভাবে ল'ব নোৱাৰি বুলি ইংগিত দি অভিনেত্ৰীগৰাকীয়ে আৰু কয়, " সুশান্তৰ সৈতে মোৰ সম্পৰ্ক থকাৰ সময়ত আমি অতি বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিলো। তথাপি তেওঁ সুখী আছিল। গতিকে তেওঁ অৱসাদগ্ৰস্ত হোৱাৰ কথা মানি ল'ব নোৱাৰি"।

উল্লেখ্য যে ২০১৬লৈকে সুশান্তৰ সৈতে অংকিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল। সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ তদন্তকাৰী আৰক্ষীয়ে অংকিতাক বহু সময় ধৰি জেৰা কৰে। বিহাৰ আৰক্ষীৰ এটা দলে অভিনেত্ৰীগৰাকীক নিজ বাসভৱনতে জেৰা কৰে। সুশান্তৰ আত্মহত্যাৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বৰ্তমানলৈকে ৪০ জন ব্যক্তিক জেৰা কৰিছে। উল্লেখ্য যে যোৱা ১৪ জুনত ৰহস্যজনক পৰিৱেশত সুশান্তৰ মৃতদেহ উদ্ধাৰ হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩৪ বছৰ।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ অল ইণ্ডিয়া বাৰ কাউন্সিলৰ পৰীক্ষা স্থগিত

Next Story
চাকৰি