Begin typing your search above and press return to search.

ৰক্ষা বন্ধনত প্ৰয়াত ভাতৃ সুশান্ত ৰাজপুতলৈ আবেগিক পত্ৰ ভগ্নী শ্বেতাৰ

একালত তেওঁলোকৰ পিতৃ-মাতয়ে অতি আকুলতাৰে এটি পুত্ৰ সন্তান কামনা কৰিছিল।

ৰক্ষা বন্ধনত প্ৰয়াত ভাতৃ সুশান্ত ৰাজপুতলৈ আবেগিক পত্ৰ ভগ্নী শ্বেতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2020 9:05 AM GMT

একমাত্ৰ ভ্ৰাতৃক হেৰুওৱা দুখ-বেদনা তেওঁ এতিয়াও পাহৰিব পৰা নাই । সম্ভৱতঃ সমগ্ৰ জীৱনতে নোৱাৰিব । আজি পবিত্ৰ ৰক্ষা বন্ধনৰ দিনা প্ৰয়াত ভ্ৰাতৃক সম্বোন্ধি এখন পত্ৰ লিখিলে তেওঁ । তেওঁ হৈছে প্ৰায় ডেৰ মাহ পূৰ্বে নিজকে শেষ কৰি দিয়া বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্যতম জ্যেষ্ঠ ভগ্নী শ্বেতা সিং কাৰ্তি।

আজি স্বেতাই প্ৰয়াত ভ্ৰাতৃক সম্বোধন কৰি লিখা এখন পত্ৰ সামাজিক মাধ্যম ইনষ্টাগামত শ্বেয়াৰ কৰে। আবেগ বিহ্বলতাৰে শ্বেতাই এই পত্ৰ লিখিছে। পত্ৰখনৰ লগতে শিশুকালত ভ্ৰাতৃ সুশান্তৰ সৈতে পালন কৰা বহু ফটোও তেওঁ ইনষ্টাগামত শ্বেয়াৰ কৰে । লগতে তেওঁৰ মাতৃৰ ফটোও শ্বেয়াৰ কৰিছে।

তেওঁলোকৰ মাতৃয়ে সন্তানকেইটিৰ সৈতে ৰক্ষা বন্ধনৰ দিনটো উপভোগ কৰা ফটোত দেখা গৈছে। পত্ৰখনত শ্বেতাই কেনেদৰে ভ্ৰাতৃ সুশান্তৰ সৈতে পবিত্ৰ বন্ধনৰ দিনটো পালন কৰিছিল, তাৰ বিষয়ে উল্লেখ কৰিছে। শ্বেতাই লিখিছে যে একালত তেওঁলোকৰ পিতৃ-মাতয়ে অতি আকুলতাৰে এটি পুত্ৰ সন্তান কামনা কৰিছিল। শ্বেতাৰ জন্মৰ এবছৰৰ পাছত সুশান্তৰ জন্ম হৈছিল। সুশান্ত আছিল পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান।

আৰু পঢ়িব পাৰেঃ অসম-বিহাৰৰ বানাক্ৰান্তলৈ ২০ লাখ খাদ্যৰ টোপোলা ৰন্ধনবিদ বিকাশ খান্নাৰ

Next Story
চাকৰি