কোনে ডিজাইন কৰিছিল মিছ ইউনিভাৰ্ছ হাৰ্ণাজ কৌৰৰ সাজ?

বিভিন্ন বলিউড অভিনেত্ৰী যেনে কৰীণা কাপুৰ, শ্ৰদ্ধা কাপুৰ আদিক ষ্টাইল কৰাৰ বাবে জনাজাত চাইছা
কোনে ডিজাইন কৰিছিল মিছ ইউনিভাৰ্ছ হাৰ্ণাজ কৌৰৰ সাজ?
Published on

মিছ ইউনিভাৰ্ছ হৰ্ণাজ কৌৰে পৰিধান কৰা আকৰ্ষণীয় গাউন ডিজাইন কৰিছিল মাত্ৰ কিছুদিন পূৰ্বে লিংগ পৰিবৰ্তন কৰা শ্বপ্নিল চিন্দেয়ে। যোৱা ২০২১চনৰ জানুৱাৰী মাহত ইনষ্টাগ্রাম যোগে স্বপ্নিল চিন্দেয়ে প্ৰকাশ কৰে যে তেওঁ লিংগ পৰিবৰ্তন কৰিছে এগৰাকী মহিলা লৈ আৰু নিজৰ নাম সলনি কৰিছে চাইছা চিন্দেলৈ। বিভিন্ন বলিউড অভিনেত্ৰী যেনে কৰীণা কাপুৰ, শ্ৰদ্ধা কাপুৰ আদিক ষ্টাইল কৰাৰ বাবে জনাজাত চাইছা।

মিছ ইউনিভাৰ্ছৰ সাজযোৰ ডিজাইন কৰাৰ বিষয়ে সম্পূৰ্ণ তথ্য ইনষ্টাগ্ৰাম যোগে ডাঙি ধৰিছে চাইছাই। এই ভিডিঅ' শ্বেয়াৰ কৰি তেওঁ লিখে, "নিদ্ৰাবিহীন ৰাতি! বহুত বেছি কষ্ট! মোৰ সন্মুখত মাতৃ এগৰাকী মহিলাৰ স্বপ্ন আছিল। এই ড্ৰেছ তৈয়াৰ কৰিবলৈ এগৰাকী মহিলাৰ মনোভাৱ গঢ়ি তোলা আৱশ্যক আছিল। আৰু মই তৈয়াৰ কৰা এই সাজ মিছ ইউনিভাৰ্ছ ২০২১ৰ লগতে একেবাৰে খাপ খাই পৰিছিল।"

ইণ্টাৰনেট যোগে প্ৰকাশ পাইছিল মিছ ইউনিভাৰ্ছৰ ক্ৰাউনৰ সৈতে থকা হৰ্ণাজ কৌৰৰ ফটো। আৰু সকলোৱে একেমুখে প্ৰশংসা কৰিছিল তেওঁ পৰিধান কৰা বিশেষ গাউনটোৰ। বিশেষ অনুষ্ঠানটোত তেওঁ পৰিধান কৰিছিল ধূসৰ আৰু ৰূপালী বৰণৰ এটি ৰ'ব। দেহত লিপিত খাই পৰা এই সাজৰ শুৱনি কৰি তুলিছিল ইয়াৰ ভি - আকৃতিত কটা ডিঙি আৰু বৈ যোৱা পাছফালৰ কাপোৰ খনে। এই সাজৰ লগত তেওঁ পৰিধান কৰিছিল এযোৰ মণি খটোৱা কানফুলী।

"মই ডিজাইন কৰা সাজ পৰিধান কৰি মাত্ৰ ২১বছৰ বয়সতে মিছ ইউনিভাৰ্ছৰ মুকুট জয় কৰিবলৈ সক্ষম হোৱা হর্ণাজ কৌৰক দেখি মই অতিকৈ উৎফুল্লিত হৈ পৰিছো। মই অতিকৈ আনন্দিত। আৰু আশা কৰোঁ যে অতি শীঘ্ৰেই মিছ ইণ্ডিয়াৰ সাজ কৰাৰ সুযোগ মোৰ হাতত আহি পৰিব।" এই কথা প্ৰকাশ কৰে চাইছা চিন্দেয়ে।

ইয়াৰ লগতে তেওঁ প্ৰকাশ কৰে যে সমাজে তেওঁক এগৰাকী ট্ৰেন্সজেণ্ডাৰ মহিলা হিচাপে গ্ৰহণ কৰক। তেওঁ নিজক লৈ গৰ্বিত । তেওঁ নিজৰ সঁচা পৰিচয় সমাজৰ আগত ডাঙি ধৰিবলৈ অলপো কুন্থাবোধ নকৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com