Begin typing your search above and press return to search.

ভাৰতত নিষেধাজ্ঞাঃ ৪৫ হেজাৰ কোটি টকাৰ লোকচান ভৰিব টিকটকে!

এপটোৰ চীন দেশস্থিত মূল প্ৰতিষ্ঠান বাইটডান্সে বৃহৎ লোকচান ভৰাটো প্ৰায় নিশ্চিত হৈছে।

ভাৰতত নিষেধাজ্ঞাঃ ৪৫ হেজাৰ কোটি টকাৰ লোকচান ভৰিব টিকটকে!

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2020 2:59 PM GMT

ভাৰতত নিষেধাজ্ঞাৰ সন্মুখীন হোৱা জনপ্ৰিয় মনোৰঞ্জনধৰ্মী এপ টিকটকে প্ৰচুৰ লোকচান ভৰাৰ দিশে অগ্ৰসৰ হৈছে। চীন আৰু ভাৰতৰ মাজত হোৱা সীমা সংঘাতৰ পিছত ভাৰতত টিকটকসহ কমেও ৫০টা মোবাইল এপ্লিকেচনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু কেৱল টিকটক বন্ধ হোৱাৰ ফলতে ম'বাইল এপটোৰ চীন দেশস্থিত মূল প্ৰতিষ্ঠান বাইটডান্সে বৃহৎ লোকচান ভৰাটো প্ৰায় নিশ্চিত হৈছে। চীনৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সংবাদপত্ৰ Global Times-এ নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰা অনুসৰি, বাইট ডান্স প্ৰতিষ্ঠান ৬০০ কোটি ডলাৰ মূল্যৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় টকাৰ হিচাপত এই লোকচানৰ মূল্য হ'বগৈ প্ৰায় ৪৫০০০ কোটি টকা। আনহাতে, ভাৰতত চীনৰ এপসমূহ নিষিদ্ধ কৰাত বহু লোকে সন্তুষ্টি প্ৰকাশ কৰিছে।

Next Story