Begin typing your search above and press return to search.

ইণ্টাৰনেট যোগে ভাইৰেল কানপুৰৰ এগৰাকী ফুচকা বেপাৰী

ভাইৰেল হোৱা এই ভিডিঅ' টোত দেখিবলৈ পোৱা গৈছে ৰাহুল নামৰ ফুচকা বেপাৰী গৰাকীক বিভিন্ন সোৱাদ লগা ব্যঞ্জন তৈয়াৰ কৰি থকা

ইণ্টাৰনেট যোগে ভাইৰেল কানপুৰৰ এগৰাকী ফুচকা বেপাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2021 11:09 AM GMT

ইণ্টাৰনেট যোগে শেহতীয়া ভাৱে ভাইৰেল হৈ পৰিছে উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ এগৰাকী ফুচকা বেপাৰী। ইয়াৰ কাৰণ হৈছে ব্যক্তি গৰাকীৰ সোৱাদলগা ফুচকা আৰু স্পষ্ট আৰু সূচল ভাৱে ইংৰাজী ক'ব পৰা তেওঁৰ অৰ্হতা। ইউটিউব যোগে এই বিশেষ ব্যক্তি গৰাকীৰ প্ৰথম ভিডিঅ' প্ৰকাশ পাইছিল ফুড ব্লগাৰ গৌৰৱ ৱাচনৰ পেজ, স্বাদ অফিচিয়েলৰ যোগে। এই ভিডিঅ' টোৱে বৰ্তমান লৈকে ৩লাখৰো অধিক ভিউজ পাবলৈ সক্ষম হৈছে আৰু দৰ্শক সকলৰ পৰা ভিন্ন প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে।

ভাইৰেল হোৱা এই ভিডিঅ' টোত দেখিবলৈ পোৱা গৈছে ৰাহুল নামৰ ফুচকা বেপাৰী গৰাকীক। আৰু এই ভিডিঅ' ত তেওঁক দেখিবলৈ পোৱা গৈছে বিভিন্ন সোৱাদ লগা ব্যঞ্জন যেনে ফুচকা, দহি ভল্লা আদি তৈয়াৰ কৰি থকা। কেমেৰাক উদ্দেশ্য কৰি তেওঁ কয়, "মোৰ নাম ৰাহুল, এটি অতিকৈ সাধাৰণ নাম। আৰু আমি হৈছোঁ জনপ্ৰিয় গ্ৰেজুৱেট গ'লগাপ্পা (ফুচকা) ৱালা।"


ইয়াৰ লগতে ৰাহুলে কয়, "মোৰ পিতৃয়ে তৈয়াৰ কৰা ফুচকা সমূহ অতিকৈ জনপ্ৰিয় আছিল, আৰু আমি এই ফুচকা তৈয়াৰ কৰিবলৈ ঘৰতে বঁটা মচলা ব্যৱহাৰ কৰোঁ।"

ইউটিউব যোগে ভাইৰেল হোৱা এই ভিডিঅ'টোৰ অনুসৰি এই বিশেষ দোকান খনৰ নাম হৈছে মুৰলি পাটাছে ৱালা, আৰু ই স্থিত উত্তৰ প্ৰদেশৰ, কানপুৰ চহৰত।

দৰ্শকে এই বেপাৰী গৰাকীৰ কৌশল দেখি অতিকৈ আমোদ পাইছে, আৰু এই ভিডিঅ' ৰ প্ৰতি উদ্দেশ্যি বিভিন্ন প্ৰতিক্ৰিয়া, মন্তব্যৰে কমেন্ট বক্স ভৰাই তুলিছে।

এগৰাকী ভোক্তাৰ অনুসৰি, এই বেপাৰী গৰাকীয়ে আজিৰ দিনৰ বহুতো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীতকৈ ভাল ইংৰাজী ক'ব জানে।

আৰু আন এগৰাকীয়ে প্ৰকাশ কৰিছে তেওঁৰ প্ৰতি বহু প্ৰশংসা।

আৰু ঠিক একে সময়তে অন্য এগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে, যদিহে তেওঁ সঁচাকৈয়ে স্নাতক উত্তীৰ্ণ তেন্তে কিয় তেওঁ এনে ৰাস্তাৰ ব্যৱসায়ীত হাত দিব লগীয়া হৈছে।


আৰু পঢ়ক: মহানগৰীত পুনৰ এক বাইক দুৰ্ঘটনা : ০১ জন নিহত


Next Story
চাকৰি