বিবিধ
ৱাটছএপঃ আহি আছে Group চাটৰ শব্দ মিউট কৰি ৰখাৰ উপায়
Group চাটসমূহৰ শব্দ চিৰকালৰ বাবে বন্ধ কৰি থব পৰা ব্যৱস্থা উপলব্ধ কৰোৱাৰ চেষ্টা কৰি আছে ৱাটছএপ কৰ্তৃপক্ষই।
ৱাটছএপ ব্যৱহাৰ কৰিবলৈ লোৱাৰ পাছৰ পৰা সম্ভৱতঃ আপুনি বন্ধু-বান্ধৱৰ সৈতে বিভিন্ন Group-ত অন্তৰ্ভুক্ত হৈছে। হয়তো ব্যস্ত থকাৰ সময়ত এনে Group-ত হোৱা চাটৰ ফলত সৃষ্টি হোৱা শব্দই আপোনাক বিৰক্তও কৰে। গ্ৰুপত বিশেষকৈ অ-গুৰুত্বপূৰ্ণ যেনে সু-প্ৰভাত বা গুড মৰ্ণিং জনোৱা ধৰণৰ বাৰ্তাই আপোনাক বিৰক্ত কৰে। ৰব, তেন্তে ধৈৰ্য ধৰক ! এনে বিৰক্তিকৰ অৱস্থাৰ পৰা আপোনাক মুক্তি দিব পৰা উপায় নিৰ্ধাৰণ কৰি আছে ৱাটছএপ কৰ্তৃপক্ষই।
ৱাটছএপ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এনে ধৰণৰ গ্ৰুপ চাটসমূহৰ শব্দ চিৰকালৰ বাবে বন্ধ কৰি থব পৰা ব্যৱস্থা উপলব্ধ কৰোৱাৰ চেষ্টা কৰি আছে ৱাটছএপ কৰ্তৃপক্ষই। কিছুদিনৰ ভিতৰতে এনে সুবিধা মুকলি হোৱাৰ সম্ভাৱনা আছে।
আৰু পঢিব পাৰেঃ ক'ৰ'নাঃ অসমত নৈশ কাৰ্ফিউ অব্যাহত থকাৰ সম্ভাৱনা