Begin typing your search above and press return to search.

আপুনি এজন যুঁজাৰুঃ কৰ্কট আক্ৰান্ত অভিনেতা সঞ্জয়ক প্ৰেৰণা যুৱৰাজৰ

ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ আমেৰিকাৰ বষ্টনত চিকিত্সা গ্ৰহণ কৰে। তিনিটা কেমোথেৰাপি কৰ্ছ গ্ৰহণৰ পাছত তেওঁ সুস্থ হয়।

আপুনি এজন যুঁজাৰুঃ কৰ্কট আক্ৰান্ত  অভিনেতা সঞ্জয়ক প্ৰেৰণা যুৱৰাজৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2020 8:40 AM GMT

জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত সম্প্ৰতি হাওঁফাঁওৰ এক কৰ্কটত আক্ৰান্ত। ইয়ে অভিনেতাজনৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ আৰু অগনন অনুৰাগীক মৰ্মাহত কৰি ৰাখিছে। এনে সময়তে অভিনেতাজনৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে আগবাঢ়ি আহিছে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং। নিজেও এবাৰ কৰ্কটত আক্ৰান্ত হোৱা ক্ৰিকেটাৰ যুৱৰাজে সঞ্জয়ক প্ৰেৰণা যোগাই সামাজিক মাধ্যমত এটা আপডেট দিছে। আপডেটটোত তেওঁ কৈছে, " আপুনি সদায়ে এজন যুঁজাৰু। মই বুজি পাইছো যে আপুনি কষ্ট পাইছে। কিন্তু মই জানো যে আপুনি এজন শক্তিশালী ব্যক্তি আৰু আপুনি সদায়ে এজন যুঁজাৰু হৈ ৰব।"

উল্লেখ্য যে ২০১১ত যুৱৰাজ হাঁওফাঁওৰ এক কৰ্কটত আক্ৰান্ত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ আমেৰিকাৰ বষ্টনত চিকিত্সা গ্ৰহণ কৰে। তিনিটা কেমোথেৰাপি কৰ্ছ গ্ৰহণৰ পাছত তেওঁ সুস্থ হয়।পৰৱৰ্তী সময়ত ২০১১ৰ বিশ্বকাপ ক্ৰিকেটতো অংশগ্ৰহণ কৰে। আনহাতে, অলপতে অভিনেতা সঞ্জয় হাঁওফাওঁৰ কৰ্কটত আক্ৰান্ত হয়। তেওঁৰ কৰ্কট ৰোগৰ স্তৰ তৃতীয় পৰ্যায়ৰ।

Next Story
চাকৰি