অভিশপ্ত ৩০ অক্টোবৰৰ এটা দশক

অভিশপ্ত ৩০ অক্টোবৰৰ এটা দশক

আজি দহ বছৰ সম্পূৰ্ণ ৰাজ্যৰ ইতিহাসৰ অন্যতম অভিশপ্ত দিন ৩০ অক্টোবৰৰ । ২০০৮ চনৰ দিপাৱলীৰ আনন্দৰ সময়তে সেই দিনটো অসমৰ ইতিহাসৰ বাবে এটা ক'লা দিন হিচাপে চিহ্নিত হৈছিল । গুৱাহাটী, বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁৱত সংঘটিত হোৱা ১৮টাকৈ ধাৰাবাহিক বোমা বিষ্ফোৰণৰ ৮০ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে চিৰদিনৰ বাবে ঘূণীয়া হৈ দুৰ্বিষহ জীৱন কটাবলগীয়া বহুজনে ।

সেই ভয়াৱহ দিনটোৰ দহটা বৰ্ষ অতিক্ৰম কৰাৰ পিচতো ন্যায় নাপালে বোমা বিস্ফোৰণত ভুক্তভাগী পৰিয়ালে । নিৰীহৰ তেজেৰে ফাকু খেলা বড়ো উগ্ৰপন্থী সংগঠন এনডিএফবি তথা ইয়াৰ মূৰব্বী ৰঞ্জন দৈমাৰীকে ধৰি মুঠ ২৪ গৰাকী অভিযুক্তৰ নাম উত্থাপন কৰা হয় । কিন্তু ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি জামিন লাভ কৰি মুকলি আকাশৰ তলত মূল অভিযুক্ত ৰঞ্জন দৈমাৰী ।

অসমৰ ইতিহাসত ক’লা অধ্যায়ৰূপে পৰিগণিত ৩০ অক্টোবৰৰ ভয়াৱহতাত সকলৰ প্ৰাণ হেৰুওৱা সোঁৱৰণিত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ বিস্ফোৰণস্থলীত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে পালন কৰিছে ক’লা দিৱস । ২০০৮ চনত সংঘটিত হোৱা সেই ভয়াৱহ বিষ্ফোৰণত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়ালে আজিও ন্যায়ৰ বাবে অধীৰ আশাৰে বাট চাইছে । অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজেপি বিধায়ক অতুল বৰা, কামৰূপ মহানগৰৰ উপায়ুক্ত বিৰেন্দ্ৰ মিট্টালৰ লগতে ভালেসংখ্যক গন্য-মান্য ব্যক্তিৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোক সকল উপস্থিত থাকে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com