অসম ৰাজ্যিক সচিবালয়ৰ সন্মুখত জুৱাৰ আড্ডা

অসম ৰাজ্যিক সচিবালয়ৰ সন্মুখত জুৱাৰ আড্ডা

ৰাজ্যত ভয়াবহ ভাৱে বৃদ্ধি পাইছে জুৱা খেলৰ প্ৰবণতা । শেহতীয়াকৈ অসম ৰাজ্যিক সচিবালয়ৰ সন্মুখত দিন দুপৰতে জুৱা খেলৰ এক ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছে । দৈনিক একাংশই চলাই নিছে জুৱাৰ আড্ডা । এই জুৱাৰ আড্ডাৰ ফলত কাষেতে থকা দিছপুৰ আইন মহাবিদ্যালয়ৰ লগতে বহু কেইখন শিক্ষা প্ৰতিষ্ঠান আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰাৰ উপক্ৰম হৈছে । এতিয়া প্ৰশ্ন হয় কাৰ সাহসত এইসকল জুৱাৰীয়ে আৰক্ষী প্ৰশাসনে গিজগিজাই থকা অঞ্চলটোত মুক্তমনে চলাই যাব পাৰিছে জুৱাৰ ৰমৰমীয়া আড্ডা ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com