অৱশেষত গ্ৰেপ্তাৰ হল যোগ প্ৰশিক্ষক সতীনাথ বাৰাল

অৱশেষত গ্ৰেপ্তাৰ হল যোগ প্ৰশিক্ষক সতীনাথ বাৰাল

অৱশেষত দৰং আৰক্ষীয়ে কলকতাত গ্ৰেপ্তাৰ কৰিলে যোগ প্ৰশিক্ষক সতীনাথ বাৰালক । দৰঙৰ দুনী ভেৰুৱাৰ যোগ শিবিৰত মহাপুৰুষ শ্রীমন্ত শংকৰ দেৱৰ বিৰুদ্ধে কটু মন্তব্য কৰা বাবা ৰামদেৱৰ শিস্য সতীনাথ বাৰালৰ বিৰুদ্ধে গৰজি উঠিছিল ৰাজ্যৰ বিভিন্ন দল সংগঠন । ৰাজ্যজুৰি বাৰালক গ্ৰেপ্তাৰৰ বাবে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ । দৰং আৰক্ষীক ধন্যবাদ সদৌ দৰং জিলা ছাত্র সন্থাৰ ।দৰঙৰ উপ আৰক্ষী অধীক্ষকৰ নেত্বতত যোৱা এটি দলে গ্ৰেপ্তাৰ কৰে বাৰালক । ৰাজ্যৰ বিভিন্ন থানাতবাৰালক গ্ৰেপ্তাৰৰ দাবীত দাখিল হৈছিল গোচৰ । ইতিমধ্যে পতঞ্জলীৰ পৰাও বহিস্কৃত হৈছিল সতীনাথ বাৰাল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com