
চিৰাঙৰ বিজনী থানাত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ আলফা নেতা মৃনাল হাজৰিকা আৰু জিতেন দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল । আমাৰ তেজতো নেতাজী সুভাস চন্দ্ৰ বসুৰ তেজ আছে বুলি হুংকাৰ দিয়ে সংগঠনটোৰ বিষয়ববীয়া সকলে । চিৰাং জিলা সমিতি বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰন সম্পাদক ৰাহুল ঘোষে দুদিন আগতে অসমীয়া টেলিভিচন যোগে প্ৰচাৰ হোৱা আলোচনা পন্থী আলফা নেতা মৃনাল হাজৰিকা আৰু জিতেন দত্তৰ প্ৰৰোচনা মুলক বক্তব্যৰ বিৰুদ্ধে বিজনী থানাত এজাহাৰ দিয়া পিচত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে আলোচনা পন্থী আলফা নেতা জিতেন দত্ত আৰু মৃনাল হাজৰিকা দেৱে উচটনি মুলক বক্তব্যৰে বাংলা ভাষী আৰু অসমীয়া লোকৰ মাজত ভাতৃঘাতী সংঘাত লগোৱাৰ চেষ্টা চলাইছে ।
উক্ত ঘটনাক বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ তৰফৰ পৰা গৰিহনা দিয়াৰ লগতে ভৱিষ্যতে এনে ধৰনৰ মন্তব্য নিদিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে আলফা নেতাজনে কোৱাৰ দৰে ঘৰে ঘৰে গৈ বঙালী লোকক খেদিব লাগে আৰু মাৰিব লাগে । এয়া অতিকে দুৰ্ভাগ্য জনক মন্তব্য কাৰন ইয়াত আমি অসমীয়া আৰু বঙালী সকলে পুৰ্ব্বৰেপৰা মিলাপ্ৰিতিৰে বসবাস কৰি আছো । লগতে কয় যে কিছুদিন পুৰ্ব্বে আলফা নেতা পৰেশ বৰুৱাই কৈছিল যে গুৱাহাটীৰ শুক্ৰেশ্বৰত বোমা বিস্ফোৰন কৰি বঙালী লোক সকলক ভয় দেখূৱাব বিচাৰিছিল । অসমত বঙালি সকলক অসমত থাকিব নিদিব বুলিও ভাৱুকি দিছিল পৰেশ বৰুৱাই ।
তাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যাহ্বান জনাই কয় যে আলফা নেতা পৰেশ বৰুৱাই পাহৰিব নেলাগে যে বঙালী সকলৰ গাতো নেতাজী সুভাস চন্দ্ৰ বসুৰ তেজ আছে, খুদিৰাম বসুৰ তেজ আছে, বিনয়জীৰ তেজ আছে । গতিকে আলফা নেতা পৰেশ বৰুৱাক প্ৰত্যহ্বান জনাই কয় যে তেওঁলোকক যাতে জোকাই নোতোলে অন্যথা ভয়াবহ পৰিস্থিতিৰ সৃষ্টী হব বুলিও ভাৱুকি দিয়ে । কোনো উগ্ৰপন্থী সংগঠনক বঙালী সকলে প্ৰশ্ৰয় নিদিয়ে । যিদৰে ভাৰতীয় সংবিধানেও উগ্ৰপন্থী সংগঠনক মান্যতা নিদিয়ে সেয়া লাগিলে আলফাই নহওক কিয় বুলিও জনায় বঙালী ছাত্ৰ নেতা জনে ।