আস্থা ভোটত কংগ্ৰেছক হেৰুৱাই কৰিমগঞ্জ পৌৰসভা দখল কৰিলে বিজেপিয়ে

আস্থা ভোটত কংগ্ৰেছক হেৰুৱাই কৰিমগঞ্জ পৌৰসভা দখল কৰিলে বিজেপিয়ে

কংগ্ৰেছ পৰিচালিত কৰিমগঞ্জ পৌৰসভাৰ বিৰুদ্ধে বিজেপিয়ে অনাস্থা প্ৰস্থাব আনিলে বৃহষ্পতিবাৰে ভোটাভোটি হয় । সেই ভোটত অনাস্থাৰ পক্ষে ১৫টাকৈ ভোট আৰু অনস্থাৰ বিপক্ষে ১০টাকৈ ভোটদান হয় । যাৰ বাৱে কংগ্ৰেছৰ দখলৰ পৰা গুছি যায় পৌৰবোৰ্ডখন । পৌৰসভা দখলৰ পাছত উত্ফোল্লিত হৈ উঠে বিজেপি পৌৰ সদস্য সকল । ৰাজপথত সমদল কৰি দলীয় কাৰ্য্যালয়ৰ সম্মূখত আহি ফটকা ফুটাই আনন্দ উপভোগ কৰে দলীয় সদস্যসকলে । উল্লেখ্য ২৭ গৰাকি সদস্য আৰু এজন চৰকাৰ মনোনিত সদস্য লৈ কৰিমগঞ্জ পৌৰসভাৰ আচন সংখ্যা মোট ২৮ । আজিৰ ভোটত দুজনকৈ কংগ্ৰেছ সদস্য অনুপস্থিত আছিল আৰু ২৬টাকৈ ভোটৰ মাজত এটা ভোট বাতিল হৈছিল ।

মন কৰিবলগিয়া যি, বিজেপিয়ে পৌৰসভা দখলৰ চেষ্ঠা আৰু কংগ্ৰেছে আজুৰি ৰখাৰ ৰাজনীতি লৈ বহুদিন ধৰি কৰিমগঞ্জ পৌৰসভাত অচলাবস্থাৰ সৃষ্ঠি হৈ আছিল । চহৰৰ জাৱৰ আৰু নলা চফাকে ধৰি বিভিন্ন উন্নয়নমুলক কাম স্থব্ধ হৈ পড়িছিল । এই ক্ষেত্ৰত বিজেপিয়ে কংগ্ৰেছ পৰিচালিত বোৰ্ডক দোষাৰোপ কৰি আহিছিল । ইয়াৰ পূৰ্বেও দুবাৰকৈ অনাস্থা প্ৰস্থাব আনি পৌৰবোৰ্ড দখলৰ চেষ্ঠা চলাইছিল বিজেপিয়ে । এতিয়া তৃতীয়বাৰৰ চেষ্ঠাত সফল হৈ বিজেপিয়ে দখল কৰিলে কৰিমগঞ্জ পৌৰসভা ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com