উত্তৰাখণ্ডৰ শোকাৱহ বাছ দুৰ্ঘটনাত ১২ জনৰ মৃত্যু

উত্তৰাখণ্ডৰ শোকাৱহ বাছ দুৰ্ঘটনাত ১২ জনৰ মৃত্যু

উত্তৰাখণ্ডত হোৱা এক শোকাৱহ বাছ দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হয় আৰু ১৩ জন লোক গুৰুতৰভাৱে আহত হয়।প্ৰাপ্ত তথ্য মতে মৃতসকলৰ ভিতৰত ১০ জনৰ থিতাতে মৃত্যু হয় আৰু দুজনৰ সংকতজনক অৱস্থাত চিকিৎসালয়ত মৃত্যু হয়।দেওবাৰে উত্তৰাণ্ডৰ উত্তৰকাশীৰ এক পাহাৰীয়া অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীভৰ্তি বাছখন ১৫০ মিটাৰ দ খাৱৈত পৰি যায়। উদ্ধাৰকাৰী সকলে তটাতয়াকৈ আহত সকলক উদ্ধাৰ কৰি হস্পিটালত ভৰ্টি কৰাই। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ট্ৰিবেন্দ্ৰ সিং ৰাৱাটে জিলা প্ৰশাসনক আহত সকলৰ উন্নত চিকিৎসাৰ সু ৱ্যাবস্থাৰ বাবে যাৱতীয় কাম-কাজৰ নিৰ্দেশ দিয়ে।

উত্তৰাখণ্ডত ক্ৰমাগত ভাবে বৃদ্ধি পোৱা দুৰ্ঘটনাৰ ঘটনাই ৰাজ্যখনৰ পথ সুৰক্ষা দিশ সমুহৰ ওপৰত প্ৰশ্নবোধকতাৰ সৃষ্টি কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com