নগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী আৰু কাৰ্বি জনগোষ্ঠীৰ এটা সংগঠনৰ নেত্ৰী হিচাপে খ্যাত ৰাণুমাই টেৰণপীৰ কামপুৰৰ চাইবুক গাঁৱৰ বাসগৃহত ক্ৰাইম ব্ৰাঞ্চ আৰু চানমাৰী আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানত অবৈধভাৱে মজুত ৰখা প্ৰায় ১০ লক্ষাধিক টকাৰ কম্বল আৰু স্কুল বেগ জব্দ কৰা হয় ৷ অভিযানকাৰী দলটোৱে উক্ত সামগ্ৰীসমূহ জব্দ কৰি বৰ্তমান নিজৰ জিম্মাত লৈছে । জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ ভঙাগড়, দিছপুৰ আৰু চানমাৰী আৰক্ষী থানাত বহু গোচৰ ৰুজু হৈ আছে ৰাণুমাই টেৰণপীৰ বিৰুদ্ধে ৷ অভিযান কালত ঘৰত নাছিল ৰাণুমাই টেৰণপী । টেৰণপীৰ অনুসন্ধানত অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ।