কামপুৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ তদন্তকাৰী শাখাৰ অভিযান

কামপুৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ তদন্তকাৰী শাখাৰ অভিযান

মধ্য অসমৰ নগাঁও জিলাৰ কামপুৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহাবিদ্যালয়ৰ আন্তঃগাঠনিকে ধৰি বিভিন্ন উন্নয়নমূলক কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

জানিবপৰা মতে, মহাবিদ্যালয় খনত বিগত সময়ছোৱাত অধ্যক্ষ হিচাপে থকা হীৰেন্দ্ৰ নাথ শৰ্মাই পৰিচালনা সমিতিৰ একাংশ বিষয়-ববীয়াৰ লগত মিলি উন্নয়নমূলক কামৰ বাবদ আৱন্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰিছিল ।

উক্ত সমগ্ৰ ঘটনাৰ বিষয়ে স্থানীয় সচেতন ৰাইজে দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে মহাবিদ্যালয় খনত অভিযান চলায় মুখ্যমন্ত্ৰীৰ তদন্তকাৰী শাখাৰ এটা দলে ।

প্ৰায় ১ কোটি ১০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা ভৱন এটাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মান কৰি ধন আত্মসাৎ কৰাৰ লগতে, পুথিভড়াঁলৰ কিতাপ কিনাৰ নামটো ভুৱা বিল দেখুৱাই ধন সৰকাই নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে বিল্ডিঙটোৰ পকী বেৰত মেলিছে বৃহৎ বৃহৎ ফাট ৷

আনকি খোৱা পানীৰো সমস্যা মহাবিদ্যালয় খনত ৷ স্থানীয় সচেতন লোকৰ লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে মুখ্যমন্ত্ৰী তদন্তকাৰী শাখাক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com