কেৰালালৈ এক কোটি টকা ঘোষণা ত্ৰিপুৰা চৰকাৰৰ

কেৰালালৈ এক কোটি টকা ঘোষণা ত্ৰিপুৰা চৰকাৰৰ
Published on

কেৰালা বান পীড়িত জনতালৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা কৰিছে ত্ৰিপুৰা চৰকাৰে।ৰাজ্যখনৰ আইন মন্ত্ৰী ৰতন লাল নাথে কেবিনেটৰ মজিয়াত এই কথা ঘোষণা কৰে।আজি সকলো ৰাজ্যিক কেবিনেটৰ সদস্য এক সভাত মিলিত হৈ সদ্য প্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময়ৰ মৌন ব্ৰত পালন কৰে।উক্ত সভাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেৰালাৰ বাবে অাৰ্থিক সাহাৰ্য্য প্ৰদান কৰাতো নিশ্চিত কৰে।এতিয়ালৈ কেৰালাত ৯ লাখ পৰিয়ালক বনাৰ্ত শিবিৰত ৰখাৰ ব্যৱস্থা কৰিছে।২০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৩৮,০০০ পৰিয়ালক উদ্ধাৰ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com