গোলাঘাটত ভয়াৱহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে

গোলাঘাটত ভয়াৱহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে

সম্প্রতি সমগ্ৰ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । গোলাঘাট জিলাৰ নুমলীগড়, মৰঙি, মুৰফুলনি, ফুলবাৰী, ফলঙনি, অভয়জান, উল্টাজান, কৌৱানী, শ্যামৰাইপুৰ, পোৰাজংঘল অঞ্চলত দিনে নিশাই চলিছে বন্য হস্তীৰ উপদ্ৰৱ ।

আনহাতে যোৱা নিশাৰ কৌৱানী অঞ্চলৰ নাহৰবাৰী চাহ বাগিচাত এটা প্রায় এশ ডেৰশ জনীয়া বন্য হস্তীৰ যাকে অৱস্থান কৰি একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰিছে। ফলত আজি পুৱা প্ৰায় ১০ মান বজাত বন কৰ্মীয়ে শূণ্যলৈ গুলি ফুটাই বন্য হস্তীৰ জাকটোক খেদাৰ চেষ্টা কৰোতে ফ্ৰেংকলিন বিলুং নামৰ এজন যুৱকৰ ভৰিত গুলী লাগি আহত হয় ।বৰ্তমান যুৱক জন ভাগ্যপুৰ ক্ষুদ্ৰ প্ৰথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ।

বনবিভাগে যুৱকজনৰ চিকিৎসাৰ বাবে গুৰুত্ব নাই দিয়া বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে । ইফালে একেলগে কেইবাটাও ঠাইত হাতী ওলোৱাৰ পৰিপ্রেক্ষিতত খবৰ দিয়াৰ পিছতো হাতী খেদিবলৈ উপস্থিত নহয় বনকর্মীসকল । উল্লেখ্য যে মুৰফুলনি,কৌৱানী,বকিয়াল, যুৰীয়াদলং খণ্ড বন কার্যালয় কেইটাত পর্যাপ্ত সা-সুবিধা নথকাৰ বাবে বনকর্মীসকল হাতীয়ে উপদ্রৱ কৰা অঞ্চলসমুহত সময়ত উপস্থিত হব নোৱাৰে বুলি সচেতন লোকসকলে মত প্রকাশ কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com