গোলাঘাটত মুল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্য্যসুচী

গোলাঘাটত মুল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্য্যসুচী
Published on

প্ৰেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ অভাৱনীয় মুল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা কমিটিয়ে আজি বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ন কৰে । গোলাঘাট জিলা আছুৱে উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ নিত্যপ্ৰয়োজনীয় সামগ্ৰী সমূহৰ মুল্য হ্ৰাস কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে । ।

সাধাৰন সম্পাদক অভিবৰ্তন গোস্বামীয়ে কয় যে গোলাঘাট জিলাত ভাৰতীয় জনতা পাৰ্টীৰ নেতা-পালিনেতাৰ নেতৃত্বত চলা চিণ্ডিকেটো মুল্যবৃদ্ধিৰ এটা কাৰন আৰু লগতে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সামগ্ৰী সমূহৰ মুল্য হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগে নহলে এই সংগ্ৰাম অব্যাহত থাকিব।

অনুস্থানত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা কমিটিৰ সভাপতি মৃদুল শইকীয়া আৰু সাধাৰন সম্পাদক অভিবৰ্তন গোস্বামীৰ লগতে বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com