গোলাঘাটৰ চিনাতলীত এটা দুষ্প্ৰাপ্য বন মেকুৰী উদ্ধাৰ

গোলাঘাটৰ চিনাতলীত এটা দুষ্প্ৰাপ্য বন মেকুৰী উদ্ধাৰ

গোলাঘাট জিলাৰ খুমটাইৰ চিনাতলীত পুৱাই এটা দুষ্প্ৰাপ্য বন মেকুৰী উদ্ধাৰ ৷ দীৰ্ঘদিন ধৰি এই দুষ্প্ৰাপ্য জন্তুটোৱে গাওঁখনৰ হাহঁ, কুকুৰা খাই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷ পুৱাই চিনাতলী গাওঁৰ কেইজনমান যুৱকৰ তৎপৰতাত বনমেকুৰীটো গৰালত বন্দী কৰিবলৈ সক্ষম হয় ৷ দুষ্প্ৰাপ্য এই বনমেকুৰীটো চাবলৈ অসংখ্য লোক উপস্থিত হয় ঘটনাস্থলীত ৷ গাওঁৰ ৰাইজে এইটো লতা মেকুৰী বাঘ বুলি সন্দেহ কৰাৰ লগতে বন বিভাগৰ লোকে বনমেকুৰি বুলিহে জানিবলৈ দিছে ৷ উল্লেখ্য স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়াত গোলাঘাট বন বিভাগৰ লোক উপস্থিত হৈ দুষ্প্ৰাপ্য প্ৰাণীবিধ লৈ যায় আৰু নামবৰ বনাঞ্চলত মুকলি কৰাৰ কথা উল্লেখ কৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com