"ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ " আঁচনিৰ শুভ উদ্ধোধন

"ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ " আঁচনিৰ শুভ উদ্ধোধন

গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শুক্ৰবাৰে অসম চৰকাৰৰ মীন বিভাগৰ উদ্যোগত "ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ " আঁচনিৰ আনুষ্ঠানিক শুভ উদ্ধোধন অনুষ্ঠান আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

গুৱাহাটী সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী উপস্থিত থকাৰ লগতে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ বিধায়ক ৰমাকান্ত দেউৰীও উপস্থিত থাকে । লগতে নাবাৰ্ডৰ বিষয়া , মীন বিষয়াৰ উপৰিও অসমৰ বহু জিলাৰ প্ৰায় এহাজাৰ হিতাধিকাৰী সভা খনত উপস্থিত থাকে ।শদিয়াৰ চৈখোৱা ঘাটৰ খেৰবাৰীত সংঘটিত হোৱা নাৰকীয় হত্যাকাণ্ডৰ বুজ লবলৈ শদিয়ালৈ যাব লগীয়া হোৱা বাবে মীন মন্ত্ৰী পৰিমল শুক্লবদ্য অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com