চাৰিটাকৈ আধাৰশিলা স্থাপন মৃনাল শইকীয়াৰ

চাৰিটাকৈ আধাৰশিলা স্থাপন মৃনাল শইকীয়াৰ

যুদ্ধকালীন প্ৰস্তুতিৰে খুমটাই অকাঁগাওত ৪টাকৈ পকী পথৰ আধাৰশিলা কৰিলে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই ৷ গাওঁখনৰ লোকসকলে বহু দিনৰ পৰা জীয়াতু ভূগিবলগীয়া হোৱা পথকেইটাত এইবাৰ চকু পৰিল বিধায়কগৰাকীৰ ৷ সেইবাবেই একেখন গাওঁৰেই ৪টাকৈ পকী পথৰ আধাৰশিলা কৰিলে বিধায়কগৰাকীয়ে ৷ বহুত দিনৰ মূৰত যেন গাওঁখনলৈ নামি এক আশাৰ ৰেঙনি ৷ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি বিধায়কজনে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত কয় যে অগপই বিজেপিৰ কোনো ক্ষতি কৰিব নোৱাৰে ৷ সততে অগপৰ বিৰুদ্ধে জাঙুৰ খাই উঠা বিজেপি বিধায়কজনৰ এনে মন্তব্যৰ প্ৰতুৎত্তৰ অগপই কিদৰে গ্ৰহন কৰে সেইয়া লক্ষনীয় হ’ব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com