জাজৰি আৰক্ষীৰ অভিযানত উচ্ছেদ ৭ টাকৈ অবৈধ চুলাইৰ ঘাটি

জাজৰি আৰক্ষীৰ অভিযানত উচ্ছেদ ৭ টাকৈ অবৈধ চুলাইৰ ঘাটি

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অধীনস্থ বগৰিগুৰি আৰু ভালুকমাৰী অঞ্চলত একাংশই অবৈধ চুলাই মদৰ ঘাটি পাতি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বহু লোকক।

এই সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত আজি এই অঞ্চল দুটাত জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ চন্দ্ৰ ভড়ালীৰ নেতৃত্বত অবৈধ চুলাই মদৰ বিৰুদ্ধে এক অভিযান চলোৱা হয়।

অভিযানকালত ৭ টাকৈ অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষী। লগতে ঘাটিসমূহত অবৈধ ভাবে প্ৰস্তুত কৰি ৰখা বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰে জাজৰি আৰক্ষীয়ে।

অৱশ্যে, আৰক্ষীৰ অভিযানৰ খবৰ পাই চুলাই ঘাটি চলাই থকা লোককেইজন পলাই সাৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, উক্ত ৭ টাকৈ অবৈধ চুলাইৰ ঘাটিত প্ৰস্তুত কৰা দেশীয় সুৰাৰ ৰমৰমীয়া বেহা চলাই এচামে সামাজিক পৰিবেশ বিনষ্ট কৰাৰ লগতে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com