ডুমডুমা ফেচবুক কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

ডুমডুমা ফেচবুক কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

আজি ডুমডুমা আৰক্ষীয়ে লাভ কৰে এক বৃহৎ সফলতা । গোপন সূত্ৰৰ দ্বাৰা পোৱা তথ্য অনুসৰি আৰক্ষীয়ে পলাতক হৈ থকা ডুমডুমা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আজি পুৱতি নিশা আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত ইমৰান খানক । যোৱা ১৪ চেপ্তেম্বৰত ডুমডুমাৰ বৰহাপজানত ফেচবুকৰ প'ষ্ট এটাক লৈ সংঘাতৰ সৃষ্টি হৈছিল দুটা ফৈদৰ মাজত। সংঘাত সৃষ্টিৰ পাছত বৰহাপজানত আৰক্ষী- প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱাৰ লগতে লংছোৱালত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল প্ৰতিবাদকাৰী সকলে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com