তিনিচুকীয়াত শ্ৰদ্ধাঞ্জলী অনুস্থানৰ আয়োজন

তিনিচুকীয়াত শ্ৰদ্ধাঞ্জলী অনুস্থানৰ আয়োজন

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পিতামহ স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকত ভাগি পৰিছে সমগ্ৰ দেশবাসী৷ প্ৰায়ত বাজপেয়ী কেৱল এজন ৰাজনীতিবিধেই নহয়৷ তেওঁ আছিল কবি,মানৱতাৰ পূজাৰী৷ বৃহস্পতিবাৰে বিয়লি ৫.০৫ মিনিটত নতুন দিল্লীৰ এইমছত সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা চিৰকালৰ বাবে গুচি গ’ল৷ বাজপেয়ীৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে শোকত ভাঙি পৰে বিজেপিৰ নেতা কৰ্মীৰ লগতে অনুৰাগী সকল৷ তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশাৰ ভাগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শুক্ৰবাৰে দিনৰ ভাগত তিনিচুকীয়া চহৰৰ থানাচাৰিআলিত জিলা বিজেপিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে৷ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপিৰ নেতা-কৰ্মীৰ লগতে গুণমুগ্ধই শেষ প্ৰায়ত প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জিলা বিজেপিৰ এই অনুষ্ঠানতেই এজন বিজেপি কৰ্মীয়ে বাজপেয়ীৰ মৃত্যুত মৰ্মাহত হৈ নিজৰ চুলি খুড়াই শ্ৰদ্ধা নিৱেদন কৰে৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com