তিনিচুকীয়া জিলাৰ লেখাপানী ফালেংগাঁৱৰ এগৰাকী ছাত্ৰীয়ে অসমৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে সৰ্বত্তে চাঞ্চল্যৰ সৃষ্টি হৈছে । ছাত্ৰীগৰাকী জাগুন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী কৰিশ্মা মেচ বুলি জানিব পৰা গৈছে ।
যুৱতীগৰাকী আলফাত যোগ দিয়াৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । বিগত এসপ্তাহৰ পৰা যুৱতীগৰাকী নিৰুদ্দিষ্ট হৈ আছে বুলি জানিব পৰা গৈছে ।
একাংশ লোকে ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা পৰিৱেশৰ বাবে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই যুৱতীগৰাকীয়ে এনে সিদ্ধান্ত লোৱা বুলিও সন্দেহ কৰিছে ।
যুৱতী গৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে । বিগত কিছু দিনৰ পৰা আলফা স্বাধীনৰ প্ৰতি যুৱক-যুৱতী সকল আকৰ্ষিত হোৱা দেখা গৈছে।
দেৰগাঁৱৰ এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই আলফাত যোগ দিয়াৰ পাছত উদালগুৰি জিলাৰ কলাইগাঁৱৰ দুজন যুৱকে যোগদান কৰাৰ তথ্য পোৱা গৈছেল ।