তিনিচুকীয়াৰ ধলা ঘটনা সন্দৰ্ভত সোণোৱালৰ প্ৰতিক্ৰিয়া

তিনিচুকীয়াৰ ধলা ঘটনা সন্দৰ্ভত সোণোৱালৰ প্ৰতিক্ৰিয়া

তিনিচুকীয়াৰ জিলাৰ ধলা থানাৰ অন্তৰ্গত খেৰবাৰী বিচনীমুখত নিৰীহক হত্যা কৰা এনে কাণ্ডক কোনো সভ্য সমাজে সমৰ্থন নকৰে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যম, দল সংগঠন, চচিয়েল মিদিয়া আৰু জন প্ৰতিনিধিৰ উচতনি মুলক মন্তব্যক প্ৰধানত জগৰীয়া কৰে । লগতে জনাই ঢলাৰ ঘটনাকলৈ মুখ্যমন্ত্ৰীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ জাৰি কৰিছে। অসমৰ শান্তি সম্প্ৰীতিৰ মাজত ব্যাঘাত জন্মাব পৰা যিকোনো অপশক্তিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

গুৱাহাটীৰ আৱৰ্ত ভৱনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যানত শুক্ৰবাৰে আবেলি ঢলাত সংঘটিত ঘটনাক লৈ এখনি নাগৰিক সভা অনুস্থিত হয়। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ তত্বাৱধানত অনুষ্ঠিত নাগৰিক সভাত বহুতো জেষ্ঠ নাগৰিক, ডিজিপি, এডিচি, জেষ্ঠ উকীল, গুৱাহাটী ছাত্র সন্হাৰ বিষয়ববীয়াৰ লগতে বহু সংগঠনৰ প্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনৰ বহু বিষয় ববীয়া উপস্থিত থাকে ।

গুৱাহাটী প্ৰেচ ক্লাবত ঢলাত সংঘটিত ঘটনাটোক লৈ নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ‌ই এখনি সংবাদমেল আয়োজন কৰে। সংবাদমেলত বিশিষ্ট লেখক চিন্তাবিদ ড৹ হীৰেন গোহাঁই, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, বিশিষ্ট লেখক মনজিৎ মহন্ত, লেখক দেৱেন তামুলী আৰু উদয়াদিত্য ভৰালী উপস্থিত থাকে । বৃহস্পতি বাৰৰ ঘটনাক লৈ যি দুস্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক অতি সোনকালে কাৰায়ত্ব কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com