দিছপুৰত সদৌ অসম ছাত্ৰ সন্থাসহ ২৮টা সংগঠনৰ বিক্ষোভ কাৰ্যসূচী

দিছপুৰত সদৌ অসম ছাত্ৰ সন্থাসহ ২৮টা সংগঠনৰ বিক্ষোভ কাৰ্যসূচী

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ । বিধেয়খন বাতিলৰ দাবীত মহানগৰীৰ গণেশগুৰিৰ গণেশ উদ্যানৰ পৰা সদৌ অসম ছাত্ৰ সন্থাসহ ২৮টা সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী সংগঠনসমূহৰ । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছু আৰু ২৮জনগোষ্ঠীয় সংগঠনে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেয়া বৰ্তমানেও অব্যাহত হৈ আছে। পিছত কোনো ধৰনৰ ধনাত্মক ফলাফল নোপোৱাত পুনৰ গতিশীল আৰু শক্তিশালী ৰূপত প্ৰতিবাদ অব্যাহত ৰাখে ।

সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰ খন আচলতে কাৰ পক্ষত খিলঞ্জীয়াৰ নে বাংলাদেশীৰ প্ৰশ্নৰ উত্তৰ লাগে । কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰভাৱে পদক্ষেপ গ্ৰহণ কৰি অবৈধ বিদেশী নাগৰিকৰ প্ৰবজনৰ কবলৰ পৰা উত্তৰপূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা কৰিবলৈ দাবী জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে । সদৌ অসম ছাত্ৰ সন্থাই সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰক জাতিধংশী নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবলৈ দাবী জনাই সকিয়নি প্ৰদান কৰি কয় যে নহলে কোনেও কিন্তু ৰেহাই নাপাব ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে ৰাজনৈতিক স্বাৰ্থৰ বাবে কোনো ৰাজনৈতিক দলে যদি খিলঞ্জীয়াক প্ৰতাৰনা কৰে তেতিয়া কিন্তু তেওঁলোক ভয়ংকৰ পৰিস্থিতিৰ সন্মূখিত হব লাগিব । অসম চুক্তিৰ স্বাক্ষৰ হোৱা ৩৩ বছৰ হৈ গল কিন্তু আজিলৈকে ৰূপায়ন নহল যিতো অসমৰ খিলঞ্জীয়া সকলৰ বাবে অতি দুৰ্ভাগ্যজনক ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com