দুলিয়াজানৰ টেঙাখাট আই টি এফৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা

দুলিয়াজানৰ টেঙাখাট আই টি এফৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা
Published on

দুলিয়াজানৰ টেঙাখাট থানাৰ অন্তৰ্গত আই টি এফৰ সমীপত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে অইলৰ ঠিকা ভিত্তিক চলা এ এছ ০৬ বি চি ৩৩৭৬ ট্ৰাক খনে দুলিয়াজান পৰা টেঙাখাট অভিমুখে গৈ থকাৰ সময়তে বিপৰীত দিশত গৈ থকা এ এছ০৬ এফ ৭১৭৩ মটৰ চাইকেল খনত উঠি অহা তিনিজন যুৱক ক্রমে মিন্টু কৰ্মকাৰ (২২)বৰুণ কুৰ্মী (২৫) আৰু জিয়াম ব্ৰাল্লা (২০) মুখামুখি সংঘৰ্ষ হয়। ফলত মিন্টু কৰ্মকাৰ নামৰ যুৱক জন থিতাতে নিহত হয়। ইফালে আহত দুজনক ততাতৈয়াকৈ সংকট জনক অৱস্থাত ১০৮ সেৱাৰ জৰিয়তে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ পঠোৱা হৈছে। ইফালেদি ঘটনা সংঘটিত কৰি ট্ৰাক খনৰ চলক গৰাকী পলাই যাবলৈ সক্ষ্যম হয়।আৰক্ষীয়ে ইতিমধ্যে চালক জনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com