দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসান

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসান
Published on

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ জেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ীৰ দিল্লীস্থিত এইছত ৫ বাজি ৫ মিনিটত দেহাৱসান ঘটিছে।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত তিনিদিন ধৰি ভেন্টিলেশ্যনত বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধায়নত ৰখা হৈছিল।প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু,গৃহমন্ত্ৰী ৰাজনাথ সিং,বিজেপিৰ জেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ লগতে প্ৰায় সকলো নেতাই তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল।অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তইও এইমছত উপস্থিত হৈ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লৈছিল।তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্ৰ দেশবাসী শোকত ভাগি পৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com