নগাঁওৰ হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

নগাঁওৰ হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

নগাঁওৰ হাতীচোং মহাবিদ্যালয় ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত শীৰ্ষ পদসমূহত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় সদৌ অসম ছাত্ৰ সন্থাৰ সৰ্মৰ্থিত প্ৰাৰ্থীয়ে। ছাত্ৰ একতা সভাখনৰ সৰ্বমুঠ ৮ টা পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হ'বলৈ সক্ষম হয় আছু সমৰ্থিত প্ৰাৰ্থী। অৱশ্যে, আন পাচটাকৈ পদত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত প্ৰাৰ্থীয়ে। জানিব পৰা মতে, আছু সমৰ্থিত প্ৰাৰ্থী ক্ৰমে সভাপতি পদত বিশাল দাস , সাধাৰণ সম্পাদক পদত কল্প মেধি , সহকাৰী সাধাৰণ সম্পাদক পদত ৰিজাউল হুছেইন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমৰ্থিত প্ৰাৰ্থী ক্ৰমে আলোচনী সম্পাদক পদত সৌৰভ কুমাৰ বৰা, সাংস্কৃতিক সম্পাদক পদত মাধুৰ্য্য প্ৰতিম শইকীয়া , দুখীয়া পুঁজি সম্পাদক পদত জ্ঞানজ্যোতি শইকীয়া , ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত সত্যজিৎ হীৰা আৰু ক্ৰীড়া সম্পাদক পদত পিনচু বণিয়া নিৰ্বাচিত হয়। উল্লেখ্য যে, নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতে দুয়োটা সংগঠনৰে ছাত্ৰ-ছাত্ৰীসকলে বিজয়ী প্ৰাৰ্থী সকলক লগত লৈ পৃথকে পৃথকে অঞ্চল বাইক ৰেলী কৰাৰ লগতে ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com