নগাঁৱত গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮ জনগোষ্ঠীয় সংগঠন

নগাঁৱত গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮ জনগোষ্ঠীয় সংগঠন

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি নগাঁৱত গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা লগতে ২৮ জনগোষ্ঠীয় সংগঠন। নগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ছাত্ৰ সন্থা আৰু জনগোষ্ঠীয় নেতা কৰ্মী সকলে বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন ধ্বনি দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিক্ষোভ কাৰী সকলে সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰক, আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

এই বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মনি মাধৱ মহন্তই কয় - অসমীয়া জাতিক ধ্বংস কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আমি কোনো কাৰণতে মানি নলওঁ। চৰকাৰে বিধেয়ক খন অতি শীঘ্ৰেই বাতিল কৰিব লাগে। জাতি মাতি ভেটি শ্লোগানেৰে ক্ষমতা দখল কৰা অগপ বিজেপি চৰকাৰৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কঠোৰ সমালোচনা কৰি মনি মাধৱ মহন্তই কয় - অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি সৰ্বানন্দই নাগৰিকত্ব বিৰুদ্ধে থিয় দিয়া উচিত।

অসমৰ ৰাইজৰ অন্তৰত আঘাত নিদিওঁ বুলি কোৱা সোনোৱালে এতিয়া স্পষ্ট কৰক, ৰাইজৰ পক্ষত আছেনে, বাংলাদেশীৰ পক্ষত আছে? মহন্তই মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি অসমত সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ সৰ্তক কৰি দিয়ে। অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব বুলি মন্তব্য কৰি মহন্তই এইক্ষেত্ৰত চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com