ব্ৰহ্মপুত্ৰ অতিথিশালাত অনুষ্ঠিত বৈঠকত আজি অগপৰ ৩ বিধায়কৰ পদত্যাগ প্ৰত্ৰ প্ৰত্যাহাৰ কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ কৰি ৩ বিধায়কৰ পদত্যাগ প্ৰত্ৰ প্ৰত্যাহাৰ কৰিলে ।
ৰাম মাধৱৰ পৃষ্ঠপোষকতা নিশা ৰেডিছন ব্লুত অনুষ্ঠিত বৈঠকৰ পিছত অগপ আৰু বিজেপি পুনৰ মিত্ৰতালৈ আহে । ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ , বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অগপৰ ৩ বিধায়কৰ অতুল বৰা, কেশৱ মহন্ত, ফনীভূষন চৌধৰী উপস্থিত থাকে ।।
নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি অগপয়ে মিত্ৰতা ভংগ কৰি মন্ত্ৰীত্ব পদৰ পৰা পদত্যাগ কৰিছিল। আজি পুনৰ মিত্ৰতালৈ অহাৰ পাছত ৩ মন্ত্ৰীৰ পদত্যাগ প্ৰত্ৰ প্ৰত্যাহাৰ কৰে ।
কংগ্ৰেছক পৰাজিত কৰাৰ স্বাৰ্থত মিত্ৰতা কৰা বুলি মন্তব্য কৰে অতুল বৰাই । অগপ, বিজেপি আৰু বি পি এফয়ে লোকসভা নিৰ্বাচনত একেলগে অবতীৰ্ণ হব |