পুনৰ বিতৰ্কত মন্ত্ৰী ৰাজেন গোঁহাই

পুনৰ বিতৰ্কত মন্ত্ৰী ৰাজেন গোঁহাই

কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহাই পুনৰ বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে । এগৰাকী বিবাহিতা মহিলাই গোঁহাইৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছিল ।পুনৰ আজি মহিলাগৰাকীৰ স্বামীয়ে একে অভিযোগৰ ভিত্তিত গোচৰ তৰাৰ ভাবুকি দিয়ে। উল্লেখ্য সেই ঘটনা সম্পৰ্কত মহিলাগৰাকীয়ে নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল।

পৰবৰ্তী সময়ত এই ঘটনাকলৈ ৰাজ্যজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল । পৰবৰ্তী সময়ত গোচৰ তৰা মহিলাগৰাকীৰ স্বামীয়ে এইয়া ভুল বুজাবুজিৰ বাবেহে হোৱা বুলি মন্তব্য কৰি গোচৰটো তেওঁলোকে বুজাবুজি কৰি লোৱা বুলি অবগত কৰিছিল । ক্ৰমান্বয়ে সমগ্ৰ ঘটনাটো তল পৰে।কিন্তু আজি আকস্মিক ভাবে মহিলা গৰাকীৰ স্বামীয়ে পুনৰ একে অভিযোগ উত্থাপন কৰি এটা চক্ৰৰ ভাবুকি আৰু লোভণীয় প্ৰস্তাৱৰ বাবেহে তেওঁলোকে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল বুলি সাংবাদিকৰ কেমেৰাৰ সন্মুখত মন্তব্য কৰে ।

ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে শক্তিশালী চক্ৰটোৱে তেওঁলোকক ইমানদিনে সাংবাদিকৰ সন্মুখৰ পৰা আতৰাই ৰাখিছিল বুলিও মন্তব্য কৰে।তদুপৰি পৰিয়ালটোৰ ওচৰত বিভিন্নজনে গোচৰটো প্ৰত্যাহাৰ নকৰি পুনৰ চলাই যোৱাৰ দাবী উত্থাপন কৰাৰ বাবেই তেওঁলোকে গোচৰটো চলাই যোৱা বুলি মন্তব্য কৰে।তেওঁলোকে বিষয়টোৰ সম্পৰ্কত পুনৰ গোচৰ তৰিব বুলিও কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com