চৰাইদেউ জিলাৰ সাপেখাতী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় অধিনৰ ৯৮২ নং ফুকন পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু এজন অভিভাৱকে এজন ছাত্ৰই বেজী লবলৈ অমান্তি হোৱা বাবেই বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী সহ ব্যক্তি জনে বিদ্যালয় ভিতৰত সোমোৱাই মাটিত বগৰাই বগৰাই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা এক ঘটনাই অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । চৰকাৰে বিদ্যালয় সমুহত পিঠাখোৱা আৰু সৰুআই যি ভেকচিন প্ৰদান কৰি আছে বৃহস্পতিবাৰে উক্ত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলক ভেকচিন দিবলৈ আহে । বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মহম্মদ চাইদুলে ভেকচিন লবলৈ ভয় কৰি ঘৰলৈ গুচি যায় । পাছত পুনৰ লৰাটোক বিদ্যালয়ৰে এজন অভিভাৱক তথা স্থানীয় ব্যক্তি ৰাতুল বড়াই ছাত্ৰ জনক ৰাস্তাৰ পৰা মাৰপিত কৰি আনি বিদ্যালয় কোঠা ভিতৰত সোমোৱাই মাটিত বগৰাই বগৰাই গুৰুলা গুৰুলকৈ মাৰপিত কৰে ।আনকি ৰাতুল বড়াই কনমানি ছাত্ৰ জনক মুখত ঘুচিয়াই চকুৰ তলত গুৰুতৰ ভাৱে আঘাত কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সীমা বৰগোহাঁইয়েও জেউৰাৰ খুটি উঘালি আনি প্ৰহাৰ কৰে ছাত্ৰজনক । বৃহস্পতিবাৰে ছাত্ৰ জনক প্ৰহাৰ কৰা পাছতো আজি পৰ্যন্ত বিদ্যালয় কতৃপক্ষই ছাত্ৰ জনৰ পৰিয়ালত কোনো খৱৰ নললে । অন্যহাতে আঘাট প্ৰাপ্ত ছাত্ৰ জনক দেউতাকে সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনাৰ পাচতহে উক্ত ঘটনাটো পোহৰলৈ আহে । দেউতাকে নিজ পুত্ৰ জনক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰোৱাই যদিও চকুত আঘাট পোৱাৰ সন্দেহত উন্নত চিকিৎসা কৰাব বাবে ডিব্ৰুগড়লৈ প্ৰেৰন কৰিছে । ঘটনাটো সন্দৰ্ভত ইতিমধ্যে ছাত্ৰ জনৰ অভিভাৱক মহৰম আলিয়ে বৃহস্পতিবাৰে নিশাই সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰা উপৰিও শুক্ৰবাৰে সাপেখাতী খণ্ড শিক্ষা বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে । ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাক গৰীহণা দিয়াৰ উপৰিও ঘটনাৰ উচিত তদন্তৰ দাবী চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ ৷