বটদ্ৰৱাত দিন দুপৰতে চোৰৰ উপদ্ৰৱ

বটদ্ৰৱাত দিন দুপৰতে চোৰৰ উপদ্ৰৱ

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত বিগত সময় ছোৱাত সংঘটিত হৈ থকা গৰু চোৰ, ছাগলী চোৰ , মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া ইত্যাদি ঘটনা সমূহৰ বিষয়ে বাতৰিৰ শিৰোনামা দখল কৰাৰ মাজতে আজি দিন দুপৰতে বটদ্ৰৱাৰ দৌল মন্দিৰৰ সমীপৰ এঘৰ গৃহস্থৰ পৰা চোৰে সৰ্বস্ব লুতি নিয়ে।

ঘটনাৰ বিবৰণী অনুসৰি বটদ্ৰৱা শলগুৰি সত্ৰ নিবাসী উচ্চ মাধ্যমিক বিদ্যালয় এখনৰ উচ্চ বৰ্গ সহায়ক উপেন কাকতিৰ বাসগৃহৰ পিছফালে ভেন্টিলেচনেৰে প্ৰবেশ কৰি ভিতৰৰ চিলিং কাটি দৰ্জা খুলি শুৱনি কোঠাত সোমাই নিৰ্দিষ্ট স্থানত থকা চাবিৰে গডৰেজৰ লকাৰ খুলি ৫ টা সোনৰ আঙুঠি , ২ ডাল সোনৰ চেইন , ২ টা এন্দ্ৰইড মবাইল ,কেইবা জোৰ পাট মূগাৰ কাপোৰ আৰু নিৰ্দিষ্ট লকাৰ এটাৰ পৰা নগদ ধনৰ উপৰিও পাকঘৰ (ৰন্ধন শাল)ৰ পৰা ১০ জোৰ কাঁহৰ কাঁহি বাটি লৈ পিছফালৰ গ্ৰীল খুলি উধাও হয়।

বিয়লিৰ ভাগত কাকতিৰ শিক্ষয়িত্ৰী পত্নী বিদ্যালয়ৰ পৰা আহি সন্মুখৰ গ্ৰীল খুলি ভিতৰত সোমোৱাৰ পিছতহে ঘটনাৰ সবিশেষ পোহৰলৈ আহে আৰু লগে লগে হুৱা দুৱাৰ সৃষ্টি হয় । পিছত স্থানীয় লোকৰ জৰিয়তে আৰক্ষীক খবৰ দিয়াৰ পিছত সন্ধিয়াৰ সময় লৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বটদ্ৰৱা আৰক্ষীৰ নি:স্ক্ৰীয় ভূমিকাৰ বাবেই অঞ্চল টোত বিগত সময় ছোৱাত দিন দুপৰতে আৰক্ষী থানাৰ সন্মুখৰ লোকৰ ঘৰত চোৰে তহিলং কৰি নিয়াৰ উপৰিও সৰ্বাধিক হাৰত গৰু চোৰ আৰু ছাগলী চোৰৰ ঘটনা সংঘটিত হৈ আহিছে। যদিও ৰহস্য জনক কাৰণত আৰক্ষীয়ে দেখুৱাই অহা নীৰবতাই সচেতন মহলক চিন্তান্বিত কৰি তুলিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com