বটদ্ৰৱাত ৰাইজে লপা থপা দি আৰক্ষীক গতালে কুখ্যাত বাইকচোৰ

বটদ্ৰৱাত ৰাইজে লপা থপা দি আৰক্ষীক গতালে কুখ্যাত বাইকচোৰ

নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰে পৰা বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা এটা কুখ্যাত বাইকচোৰক অৱশেষত বটদ্ৰৱাৰ জামতলাত একাংশ ৰাইজে হাতে লোটে ধৰিবলৈ সক্ষম হয়। ধৃত বাইকচোৰ টোৰ নাম মেহেদি আলম(২৪)। ঘৰ নগাঁৱৰ জুৰীয়া থানাৰ অধীনৰ পূব মুকুন্দআটিত।

জানিব পৰা মতে, মৰিগাঁও জিলাৰ লাহৰিঘাট নিবাসী আছাদুল ইছলামে মাত্ৰ তিনিদিন পূৰ্বে ক্ৰয় কৰা য়ামাহা এফ জেদ বাইকখনেৰে এগৰাকী সতীৰ্থসহ নগাঁৱৰ পৰা লাহৰিঘাটলৈ বুলি গৈ থকা অৱস্থাত নিশা ৯ মান বজাত বটদ্ৰৱাৰ জামতলা পাওতে হোটেল এখনত চাহ খাবলৈ সোমায়। বাইকখন ৰাস্তাৰ কাষতে ৰাখি হোটেলত চাহ খাই থাকোতেই নম্বৰপ্লেটহীন বাইকখন মেহেদি আলম নামৰ চোৰটোৱে তলা ভাঙিবলৈ চেষ্টা চলোৱা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে।

লগে লগে ৰাইজৰ সন্দেহ ওপজাত চোৰটোক কৰায়ক্ত সোধপোছ কৰে আৰু সবিশেষ জানিব পাৰি ততালিকে বটদ্ৰৱা আৰক্ষীক খবৰ দিয়ে। পিছত ৰাইজে চোৰটোক লপা থপা দি বটদ্ৰৱা আৰক্ষীক গতাই দিয়ে। সম্প্ৰতি চোৰটোক বটদ্ৰৱা আৰক্ষীয়ে জেৰা চলাই আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com