বাঘৰ আক্ৰমণ গুৰুতৰভাৱে আহত তিনিজনকৈ লোক

বাঘৰ আক্ৰমণ গুৰুতৰভাৱে আহত তিনিজনকৈ লোক

শিৱসাগৰ জিলাৰ নামতি মিছাজানত এটা প্ৰকাণ্ড নাহৰফুটূকী বাঘে তিনিজনকৈ ব্যক্তিক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা কাৰ্য্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আঘাতপ্ৰাপ্ত ব্যক্তিকেইজন হ'ল মহেন্দ্ৰ কোঁৱৰ, বিকি গগৈ আৰু আব্দুল ছাহিদ। গুৰুতৰভাৱে আহত মহেন্দ্ৰ কোঁৱৰক গেলেকীৰ আঠখেল চিকিৎসালয়ত ভৰ্তি কৰিছে।বাঘৰ আতংকত বৰ্তমান সমগ্ৰ অঞ্চলটোত বৰ্তমানে আতংকৰ সৃষ্টি হৈছে।নিশাই স্থানীয় ৰাইজে বাঘ খেদিবলৈ হাতে হাতে জুই , টিং বজাই ৰাজপথলৈ ওলাই আহে। স্থানীয় ৰাইজে আঠখেল বন বিভাগক নাহৰফুটুকী বাঘ কেইটা পিঞ্জৰাৱদ্ধ কৰিবলৈ দাবী জনাই আহিছে যদিও বন বিভাগটোৱে গুৰুত্ব প্ৰদান কৰা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com