বিজনী টোলগেটত সক্ৰিয় হৈছে চিণ্ডিকেটৰাজ

বিজনী টোলগেটত সক্ৰিয় হৈছে চিণ্ডিকেটৰাজ

ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট একাংশ নেতা-পালিনেতাৰ নেতৃত্বত চিৰাং জিলাৰ বিজনীৰ দহলা পাৰাত থকা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোল গেটত চিণ্ডিকেট ৰাজ চলাৰ তথ্য পোহৰলৈ আহিছে। চিৰাং জিলা আৰক্ষী অধিক্ষক যুৱৰাজৰ নিৰ্দেশত ছিদলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱেন দাসৰ নেতৃত্বত যোৱা চাৰিদিনে ৫০ টাতকৈ অধিক কয়লা কঢ়িওৱা গাড়ী ৰখাই থৈছে ।

গাড়ী চালক সকলে জনোৱা মতে যোৱা চাৰিদিনৰ পৰা চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসে গাড়ী সমুহ বিজনীৰ দহলা পাৰা স্থিত টোল গেটত ৰখাই থোৱাৰ লগতে ৪০ জন ট্ৰাক চালকক আটক কৰি গাড়ীৰ চাবি,মোবাইল আৰু নথি পত্ৰ জব্দ কৰিছে । চালক সকলক আটক কৰছে যদিও থকা-খোৱাৰ কোনো ব্যৱস্থা কৰা নাই আৰক্ষীয়ে ।

চালক সকলে জনোৱা মতে তেওঁলোকৰ লগত থকা টকাও লৈ লৈছে আৰক্ষীয়ে । এনে অৱস্থাত চালক সকলে থকা-খোৱাৰ সমস্যাত পৰাৰ লগতে আৰ্থিক দিশতো অসুবিধাত পৰিছে । আৰক্ষীয়ে গাড়ী মালিক সকলৰ সৈতে বৃহৎ লেন দেন কৰাৰ বাবেই এনে ধৰনৰ মানৱাধিকাৰ উলংঘাৰে চালক সকলক হাৰাশাস্থি কৰাৰ কথা সন্দেহ কৰিছে বিভিন্ন জনে ।আৰক্ষীৰ লগত চিণ্ডিকেটকাৰীৰ গোপন বুজাবুজি আছে বুলি ৰাইজে সন্দেহ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com