বিজেপি দলত যোগদান সভা অনুষ্ঠিত

বিজেপি দলত যোগদান সভা অনুষ্ঠিত

মানকাচৰ জিলা সমিতিৰ উদ্যোগত তথা ফেকামাৰী মণ্ডল কমিটিৰ সহযোগত দঃশালমাৰা মানকাচৰ জিলাৰ উজান বজৰা এম. ই. মাদ্ৰাছা স্কুলৰ খেল পথাৰত আজি দিনৰ ২ বজাত বিজেপি দলৰ এখন বিশাল যোগদান সভা অনুষ্ঠিত হয় ৷ দঃশালমাৰা মানকাচৰ জিলাৰ জিলা সভাপতি আবু নাছিৰ নেতৃত্বত আৰু জিলা কিষান মৰ্চা উপসভাপতি মফুজল হক সহযোগত , জিলা যুৱ মৰ্চাৰ সম্পাদক ছাদিকুল আলম , বিজেপি দলৰ কৰ্মী তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য জাহাংগীৰ আলম মণ্ডল আৰু বহুতো বিজেপি দলৰ নেতা আৰু কৰ্মী সকলৰ উপস্থিতিত এ. আই. ইউ. ডি. এফ. দলৰ কৰ্মী আৰু কংগ্ৰেছ দলৰ হাজাৰতকৈ অধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে আৰু চাৰি হাজাৰতকৈ বেছি ৰাইজে এই অনুষ্ঠান অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷ সভাত জিলা সভাপতি আবু নাছিৰে ভাষণ মৰ্মে কয় বিজেপি এখন দুৰ্নীতি মুক্ত চৰকাৰ আৰু "সবকি ছাত সবকি বিকাশ" এই দলৰ লক্ষ্য ৷ এই বিশাল যোগদান সভা অনুষ্ঠানৰ কাম সন্ধিয়া ৭ বজাত সমাপ্ত কৰে বুলি জানিব পৰা গৈছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com