বিশ্বনাথৰ মোনাবাৰীত ৭০ বছৰীয়া বৃদ্ধাক দলবদ্ধ ধৰ্ষণ

বিশ্বনাথৰ মোনাবাৰীত ৭০ বছৰীয়া বৃদ্ধাক দলবদ্ধ ধৰ্ষণ
Published on

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ বিহপুখুৰীত সংঘটিত হল এক জঘন্য কাণ্ড। ৭০ বছৰৰ উৰ্দ্ধৰ এগৰাকী মহিলাক নিজ গৃহতে দলবদ্ধ ধৰ্ষন কৰিলে দুবৃত্তই।ঘৰত কোনো নথকা সুযোগ গ্ৰহন কৰি দুবৃত্তই মহিলা গৰাকীক কৰিলে নিজৰ কামনাৰ বলি।আইতা গৰাকীৰ একমাত্ৰ পুত্ৰ নিশা নিজৰ কৰ্তব্য স্থানত যোৱাৰ পাছতে নিজ গৃহতে দলবদ্ধ ধৰ্ষনৰ বলী হল আইতা গৰাকী।মানৱ জাতিক কলংকিত কৰা পেলোৱা এই ঘটনা আজি পোহৰলৈ অহাৰ পাছতে এতিয়া স্থানীয় লোক সকলে এইদৰে ঘটনাস্থলিত উপস্থিত হৈ উচিত তদন্তৰ দাবী কৰিছে।এইফালে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আজি জিনজিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিব বুলি জানিব দিছে।লগতে স্থানীয় ৰাইজৰ অভিযোগ যে সমগ্ৰ মোনাবাৰী অঞ্চলতে অবৈধ অৰুণাচলী মদৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবেই যুৱ প্ৰজন্মৰ মাজত এনে অপৰাধ জনক ঘটনা সঘনাই সংঘটিত হৈ আহিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেয়ে লক্ষনীয় হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com