বিশ্বনাথ জিলাৰ জিনজিয়াত মৃতদেহ উদ্ধাৰ

বিশ্বনাথ জিলাৰ জিনজিয়াত মৃতদেহ উদ্ধাৰ

বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কুঁহিয়াৰবাৰীৰ শিল-বালি কুঁৱৰীৰ কিছু নিলগতে থকা এটি পৰিত্যক্ত কুঁৱাত এগৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি হৈছে।স্থানীয় ৰাইজে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।

স্থানীয় ৰাইজে মৃতদেহটো মতন নাহেকিয়াৰ বুলি চিনাক্ত কৰিছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি মৃতলোক জনৰ বয়স আনুমানিক ৫০- ৫৫ বছৰ হব । ঘটনাস্থলীলৈ ইতিমধ্যে জিনজিয়া আৰক্ষী ৰাওনা হৈছে জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com