মৰিগাঁওৰ এজন ভণ্ড ভকতৰ ওপৰত পৰিল ৰাইজৰ ঔকিল

মৰিগাঁওৰ এজন ভণ্ড ভকতৰ ওপৰত পৰিল ৰাইজৰ  ঔকিল

মৰিগাঁও জিলাৰ এটা লম্পট ভণ্ড ভকতক আজি ৰাইজে লপা-থপা দিয়া ঘটনা সংঘটিত হৈছে।।লম্পটটোৱে সকলো নাৰীক অশ্লীল প্ৰস্তাৱ প্ৰদান কৰে । আৰু যি নাৰীয়ে বৈষ্ণৱৰ প্ৰস্তাৱ অমান্য কৰে তেতিয়াই আক্ৰমণৰ লক্ষ্য হৈ পৰে নাৰী গৰাকী । অপমান কৰে ৰাজহুৱা ভাৱে । তাতেই ক্ষান্ত নাথাকি শিল দলিয়াই আক্ৰমণ কৰি আহিছে বহুতকে ।কিন্তু শুকুৰবাৰে শনি লাগিল এই জন মৰিগাঁও বাখৰবড়ীৰ ভণ্ড বৈষ্ণৱীৰ । একে গাঁৱৰে এগৰাকী মহিলাক বৈষ্ণৱী জনে দীৰ্ঘ দিন ধৰি চলাই আহিছিল নিৰ্যাতন । মহিলা গৰাকীয়ে বৈষ্ণৱীৰ পৰা নিতৌ পাই আহিছিল অশ্লীল ইংগিত । কিন্তু মহিলা গৰাকীয়ে বৈষ্ণৱীৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাত মহিলা গৰাকীৰ ওপৰত জপিয়াই পৰিল বৈষ্ণৱ বাবা ।মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত উপস্থিত হৈ গাওঁৰ লোক । তাৰ পিছতেই ৰাম ধুলাই পৰিল ভণ্ড বৈষ্ণৱীৰ ওপৰত । পিছে এইয়াই প্ৰথম নহয় মাহেকে পষেকে বৈষ্ণৱীৰ আখ্যান চলি থাকে অঞ্চল টোত । শুকুৰবাৰে ও এই আখ্যান পুনৰাবৃত্তি হোৱাত এনেদৰে লপাথপা দি মৰিগাঁও আৰক্ষীক গতাই দিয়ে স্থানীয় লোকসকলে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com