লংকাৰ মংগলৱৰীয়া বজাৰত মৰেল পুলিচগিৰি

লংকাৰ মংগলৱৰীয়া বজাৰত মৰেল পুলিচগিৰি

হোজাই জিলাৰ লংকাৰ সপ্তাহিক বজাৰৰ মংগলৱৰীয়া বজাৰত বজাৰ কৰিৱলৈ অহা এগৰাকী মহিলাই বিস্কুট লৱলৈ তলমূৰ কৰোতেই খাপ পিতি থকা তিনি চোৰে কৌশলগত ভাৱে মহিলা গৰাকীৰ বেগৰ পৰা টকা তিনি হেজাৰ লৈ যায় যদিও মহিৱাগৰাকীয়ে চিঞৰ বাখৰ কৰাত বজাৰত থকা ৰাইজে তিনি চোৰক ধৰি উত্তম মাধ্যম দি লৈ পথৰ মাজেৰে লৈ আহে লংকা থানালৈ ।

পিছত ৰাইজে লংকা আৰক্ষী থানাত গটাই দিয়ে । চোৰ তিনিটাৰ নাম ক্ৰমে দিলৱাৰ হুছেইন,চান্দাম আলি আৰু আছাদ আলী । উল্লেখ যে,বিগত বহু দিনৰ পৰা লংকাৰ বজাৰত তিনি চোৰে কৰি আহিছিল চুৰৰ সন্তাস ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com