লামডিঙত নৃশংস হত্যাকাণ্ড

লামডিঙত নৃশংস হত্যাকাণ্ড
Published on: 

নগাঁও জিলাৰ লামডিঙত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।পিয়লি পাল নামৰ মহিলা গৰাকীক তেওঁৰ স্বামী ৰাজু পালে ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।লামডিঙত ম'বাইলৰ বাবেই স্বামীৰ হাতত প্ৰাণ হেৰুৱাব লগা হ'ল পত্নীৰ ৷ লামডিঙৰ আনন্দ পল্লীৰ নিৱাসী ৰাজু পালে নৃশংস ভাৱে হত্যা কৰিলে নিজ পত্নী পিয়লি পালক ৷ জানিব পৰা মতে পত্নীক সন্দেহ কৰিয়ে হত্যা কৰিলে পত্নীক ৷ পত্নীয়ে যোৱা নিশা ম'বাইলত ব্যস্ত হৈ থকা পাইয়ে স্বামীয়ে পত্নীৰ লগত কাজিয়াত লিপ্ত হয় আৰু অৱশেষত পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে ৷ লামডিং আৰক্ষীয়ে সন্দেহৰ ভিক্তিত অভিযুক্ত ৰাজু পালক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com