লামডিঙৰ ইটাভট্টা চাৰি আলিত ভয়ানক পথ দুৰ্ঘটনা

লামডিঙৰ ইটাভট্টা চাৰি আলিত ভয়ানক পথ দুৰ্ঘটনা

লামডিঙৰ ইটা ভট্টা চাৰি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তেল ভৰ্তি টেংকাৰে মহতিয়ালে দুই স্কুলীয়া ছাত্ৰক ৷ লামডিং জৰংদিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ চাহা আলাম আৰু ৰবি আলম ৷ দুৰঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উতপ্ত কৰি তোলে আৰু পথ অৱৰুধ কৰি সকলো তেলৰ টেংকাৰ যোৱাৰ পথ বন্ধ কৰি দিয়ে ৷ দুয়োগৰাকী ছাত্ৰক প্ৰথমে অতি সংকট জনক অৱস্থাত লামডিং সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ তেলভৰ্তি টেংকাৰখনৰ চালকক স্থানীয় ৰাইজে ধৰি লফা থপা দি আৰক্ষীক গতায় দিয়ে যদিও ৰহস্যজনকভাৱে আৰক্ষীয়ে তেলৰ টেংকাৰখনক ওভতাই লামডিং IOCৰ ভিতৰলৈ পঠিয়াই দিয়া হয় ৷ জানিব পৰা মতে টেংকাৰখনৰ মালিকৰ নাম জীবন লোধ বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com