শদিয়াৰ খেৰবাৰীত ৫ নিৰীহক গুলীয়াই হত্যা

শদিয়াৰ খেৰবাৰীত ৫ নিৰীহক গুলীয়াই হত্যা

শদিয়াৰ চৈখোৱা ঘাটৰ খেৰবাৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । গুলীচালনাত ৫জন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত ২জন লোক । সামৰিক পোছাকত অহা দুৰ্বৃত্তৰ দলটোয়ে শাৰী পাতি বহুৱাই গুলীচালনা কৰা বুলি জানিব পৰা গৈছে । গুলীচালনাত নিহতকেইজনৰ নাম ক্ৰমে সুবল দাস, শ্যামল বিশ্বাস, অবিনাশ বিশ্বাস, ধনঞ্জয় নমঃশুদ্ৰ আৰু অনন্ত বিশ্বাস ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে সেনা-আৰক্ষীৰ এটা বৃহৎ দল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক উক্ত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰী তপন গগৈ ঘটনাস্থলীলৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

ঘটনাৰ পৰা প্ৰান ৰক্ষা কৰি পলাই আহিবলৈ সক্ষম হোৱা ১৭ বছৰীয়া ছাদু বিশ্বাস নামৰ যুৱকজনে জানিবলৈ দিয়া মতে খেৰবাৰী গাঁৱত থকা শ্যামল বিশ্বাসৰ গেলামালৰ দোকানত বহি ভাগৰ জিৰাই আড্ডা দিছিল সুবল দাস, ধনঞ্জয় নমঃশুদ্ৰ, ছাদু বিশ্বাস, অনন্ত বিশ্বাস আৰু অবিনাশ বিশ্বাসে। সেই সময়তে সেনাৰ পোছাকত অহা ৭জনীয়া দল এটা দোকানখনৰ কাষ চাপি আহে।সেনাৰ পোছাকত অহা দলটোক দেখি তেওঁলোকে সেনা বুলিয়েই ধৰি লয়। হিন্দীতে দলটোৰ এজন সদস্যাই তেওঁলোকক লগত যাবলৈ নিৰ্দেশ দিয়ে। বন্দুকধাৰী সেনা সদৃশ দলটোৰ নিৰ্দেশ অমান্য কৰাৰ সাহস কৰিব নোৱাৰি আটাইকেইজনে একেষাৰে সেই নিৰ্দেশ মানি একেলগে খোজ লয় ।

বন্দুকধাৰী দলটোৱে তেওঁলোকক লৈ যায় ঢলা-শদিয়াস্থিত ভূপেন হাজৰিকা সেঁতুৰ সমীপলৈ। নিশা প্ৰায় ৮ বজাত দলংখনৰ পৰা ৫০০ মিটাৰ নিলগত আটাইকেইজনকে শাৰী পাতিবলৈ কৈ বন্দুকধাৰী দলটোৱে নিৰ্বিচাৰে গুলী চলাই কিছু দূৰৈত ৰাখি থোৱা গাড়ীৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । দুৰ্বৃত্তৰ দলটোৱে গুলী চলোৱাৰ সময়ত ভয়তে বাগৰি পৰে ১৭ বছৰীয়া ছাদু বিশ্বাস। বাগৰি পৰি শুই দিয়াত গুলী লাগি মৃত্যু হোৱা বুলি ধৰি লয় বন্দুকধাৰীকেইজনে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুলিচালনাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা জনোৱাৰ লগতে ৰাজ্যৰ প্ৰায় সকলো দল-সংগঠন আৰু ৰাজনৈতিক দল সমূহে গৰিহনা দিছে। ইতিমধ্যে আলফা(স্বা) ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে । সেনাৰ পোছাকত অহা কূটাঘাতকাৰীয়ে ছৈখোৱাত ৫ নিৰীহক গুলীয়াই হত্যা কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিবাদ হৈছে । তিনিচুকীয়াত পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ বন্ধৰ আহ্বান দিছে সদৌ অসম বঙালী যুৱ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com