শিৱসাগৰত আজি ৰাধা কুমাৰী আৰু লালিমা দেৱী হত্যাকাণ্ডৰ শুনানী

শিৱসাগৰত আজি ৰাধা কুমাৰী আৰু লালিমা দেৱী হত্যাকাণ্ডৰ শুনানী

শিৱসাগৰত আজিৰ পৰা আৰম্ভ ৰাজ্য কঁপোৱা ৰাধা কুমাৰী আৰু লালিমা দেৱী হত্যাকাণ্ডৰ শুনানী ৷শিৱসাগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত পুৱা ১০'৩০ বজাৰ পৰা আৰম্ভ এই শুনানী ৷ ১০ জুলাইত চলন্ত ৰেলত হত্যা কৰা হৈছিল যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰী ৰাধা কুমাৰীক ৷ বিপিন পাণ্ডে আৰু বিকাশ দাস নামৰ দুই নৰ পিশাসে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড ৷

ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ ২৪ ঘন্টাৰ ভিতৰতে বিপিন আৰু বিকাশে হত্যা কৰিছিল লালিমা দেবীক ৷ ৰাধা কুমাৰীক হত্যা কৰাৰ দৰেই হত্যা কৰা হৈছিল লালিমা দেবীকো । প্ৰথমে হত্যা আৰু তাৰ পাছত ধৰ্ষণ কৰা হৈছিল ৰাধা কুমাৰী আৰু লালিমা দেবীক ৷ঘটনাৰ জোৰদাৰ তদন্ত কৰি দুই অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰক্ষী।

চাৰ্জশ্বীট দাখিলৰ পাছত আৰম্ভ আইনী শুনানী।ফাষ্টট্ৰেক আদালত নহলেও তীব্ৰ গতিত চলিব এই শুনানী।আৰক্ষীয়ে সুৰুঙা নথকা চাৰ্জশ্বীট দাখিল কৰিছে।ছয় মাহৰ ভিতৰত ৰায়দানৰ সম্ভাৱনা। ভাৰতীয় ৰেলৰ বিশেষ ভাবে সক্ষম লোকৰ বাবে সংৰক্ষিত ডবাত সংঘটিত হৈছিল দুয়োটা হত্যাকাণ্ড।শুনানী আৰম্ভ হোৱাৰ দিনা ৰাধাৰ মাকৰ দাবী ফাঁচী দিয়ক দুই নৰপিশাচক।মানুহৰ সৈতে ৰখাৰ যোগ্য নহয় এই দুই অপৰাধী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com