শিৱসাগৰ জিলাত সন্ত্ৰাস অব্যাহত আছে জাপানী এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ।আজি ডিব্রুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় শিৱসাগৰৰ এগৰাকী শিশুৰ।১৭ চেপ্তেম্বৰৰ পৰা ৰোগত আক্ৰান্ত দীপশিখা ভূমিজ নামৰ ৮ বছৰীয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ জাপানী এনকেফেলাইটিছ ৰোগত আজি পুৱা ডিব্ৰুগড়ত মৃত্যু হয়।
ইয়াকে ধৰি জিলাখনত জাপানী এনকেফেলাইটিছ আৰু জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ লৈ বৃদ্ধি পায়।বৰ্তমানলৈ এই ৰোগত আক্ৰান্ত হৈছে ৫৮ জন লোক।ইয়াৰ ৩৬ গৰাকী জাপানী এনকেফেলাইটিছ আৰু ২২ গৰাকী জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে।৯ জন লোকৰ জাপানী এনকেফেলাইটিছ ৰোগত মৃত্যু হোৱাৰ বিপৰীতে ৩ জনৰ মৃত্যু হৈছে জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত।
উল্লেখযোগ্য যে ২০১২ চনৰ পৰা এই ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাৰ ফলত এই ৰোগত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা কমিছে যদিও নিৰ্মূল হোৱা নাই।আনহাতে শিৱসাগৰৰ খেলুৱা,গেলেকী আৰু পাটসাকো স্বাস্থ্য খণ্ডত এই ৰোগৰ প্ৰাৰ্দুভাৱ সৰ্বাধিক দেখা গৈছে।